দেৱালয়

আমি সকলোৱে ভগৱানক বিশ্বাস কৰোঁ আৰু দেৱালয় দৰ্শন কৰি ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰোঁ | "দেৱালয়" দুটা শব্দৰে গঠিত - "দেৱ" আৰু "আলয়" | "দেৱ" মানে দেৱতা বা দেৱী আৰু "আলয়" মানে ঘৰ | সাধাৰণ অৰ্থত দেৱী-দেৱতাৰ ঘৰ | ইয়াক মন্দিৰ, ধাম, দ’ল বুলিও কয় | অসমৰ নানা ঠাইত বহুতো বিখ্যাত দেৱালয় আছে |

১. কামাখ্যা
কামাখ্যা শক্তিপীঠ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত | এই দেৱালয়লৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অলেখ ভক্ত আহে মনৰ কামনা পূৰণৰ বাবে | বহুত পৌৰাণিক কথা এই মন্দিৰৰ লগত জড়িত আছে | নৰকাসুৰ নামৰ এক অসুৰে কামাখ্যা দেৱীক বিয়া কৰিবলৈ বিচাৰিছিল | অসুৰটোৱে প্ৰস্তাৱটো দিয়াত দেৱীয়ে এটা বুদ্ধি সাজিলে | তেওঁ নৰকাসুৰক ক’লে যে যদি এৰাতিৰ ভিতৰতে সি নীলাচল পাহাৰৰ তলৰ পৰা ওপৰত থকা মন্দিৰলৈ এটা চিৰি সাজিব পাৰে তেন্তে তেওঁ তাৰ সৈতে বিয়া হ’ব | নৰকাসুৰে স্বৰ্ত্তটো মানি ল’লে আৰু ৰাতি হোৱাৰ লগে লগে কামত লাগিল | চিৰিটো প্ৰায় সম্পূৰ্ণ হ’বলৈ ধৰাত দেৱী বিপাঙত পৰিল | তেওঁ তেতিয়া কুকুৰা এটাক ডাক দিয়ালে আৰু পুৱা হ’ল বুলি ঘোষণা কৰিলে | নৰকাসুৰ হাৰিল | সেই আধা সজা চিৰিটোক "মেখেলা উজোৱা পথ" বুলি জনা যায় |

২. নৱগ্ৰহ
এই দেৱালয় গুৱাহাটীৰ দক্ষিণ-পূব দিশে থকা চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত | ৰবি, চন্দ্ৰ, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু - এই ৯টা গ্ৰহক ইয়াত পূজা কৰা হয় |

৩. দৌল-গোবিন্দ
উত্তৰ গুৱাহাটীৰ ৰজাদ্বাৰ অঞ্চলত এই দেৱালয় অৱস্থিত | ইয়াত নিতৌ পূজা-অৰ্চনা কৰা হয় আৰু শেষত সকলো ভক্তকে ভোগ বিতৰণ কৰে | দৌল পূৰ্ণিমাত এক আনন্দমুখৰ পৰিবেশ দেখা যায় |

৪. উমানন্দ
গুৱাহাটীৰ পৰা কিছু নিলগত ব্ৰহ্মপুত্ৰ নদীৰ এক দ্বীপত এই দেৱালয় অৱস্থিত | হিন্দু শাস্ত্ৰৰ মতে এই ঠাই ভগৱান শিৱই সৃষ্টি কৰিছিল তেওঁৰ পত্নী "উমা"ৰ আনন্দৰ বাবে | সেয়ে নামকৰণ হ’ল "উমানন্দ" |

৫. মহাভৈৰৱ
এই প্ৰসিদ্ধ দেৱালয় তেজপুৰত অৱস্থিত | শিৱৰাত্ৰিৰ দিনা ইয়াত বহুতো ভক্তৰ সমাগম হয় | ইতিহাসৰ মতে, ই বহুত পুৰণি আৰু শিলেৰে নিৰ্মিত | ভূমিকম্পত কিছু অংশ নষ্ট হোৱাত নতুনকৈ নিৰ্মাণ কৰোঁতে চিমেন্ট, বালি আদি ব্যৱহাৰ কৰা হৈছিল |

৬. শিৱ-দ’ল
শিৱসাগৰৰ বিশাল বৰপুখুৰীৰ পাৰত এই দেৱালয় অৱস্থিত | শাওণ মাহত ইয়ালৈ বহুতো তীৰ্থযাত্ৰী আহি শিৱলিঙ্গত পৱিত্ৰ পানী আৰু গাখীৰ ঢালি পূজা কৰে |

 [প্ৰকাশ: ‘আৰম্ভণি’; তাৰিখ: ১৯ ডিচেম্বৰ ২০১৩]

হৃদয়ৰ গান

নিবিড় সন্ধ্যা প্ৰকাশ কৰো মনৰ কথা,

শুনিবানে তুমি কিমান মোৰ ভালপোৱা ?

তোমাক দেখাৰ পৰা মোৰ মন উৰি ফুৰে,

দূৰ দিগন্তত উৰি ফুৰা পখীৰ দৰে |

মন নবহে ক’তো, মাথো ৰচে সপোন,

তুমি চিৰ মোৰ বাবে অন্তৰৰ দাপোন |

তোমাকেই বিচাৰো নয়ন যেনিয়ে যায়,

অলেখ ৰং বিচাৰি পালো তোমাক লগ পায় |

 
[প্ৰকাশ: ‘আই’; আগষ্ট সংখ্যা ২০১৩]

মাতৃভাষা

ভাল পাওঁ আমি আমাৰ
মৰমৰ মাতৃভাষা,
প্ৰকাশ কৰো সহজে সকলো
অনুভূতি ও মনৰ আশা |
নানা ভাষা শিকো আমি
দেশী, বিদেশী আৰু অন্যান্য,
অতিকৈ আপোন সবাটোকৈ সুৱলা
হে মাতৃভাষা তুমি ধন্য |
বিশ্বৰ সৈতে খোজ মিলাবলৈ
অতি আৱশ্যক ইংৰাজী শিক্ষা,
সেইবুলি জানো অৱহেলা কৰিম
নিজ মাতৃভাষাৰ পঢ়া-লিখা ?


[প্ৰকাশ: ‘আৰম্ভণি’; তাৰিখ: ২০ জুন ২০১৩]

প্ৰতিযোগিতা

ইমান চিন্তা কিহৰ বাবে,
ইমান দুখ কিয় ?
তোমাৰ প্ৰতিযোগিতা কাৰ লগত,
তোমাৰ প্ৰতিদ্বন্দী কোন ?

[প্ৰকাশ: 'মন-সংযোগ’; তাৰিখ: ১০ মাৰ্চ ২০১২]

আপোন

কোন আপোন, কোন পৰ…
যাক আপোন ভাবো,
তেওঁ দেখোন বহু আঁতৰত |
অথচ, যি পৰ,
তেওঁক পাওঁ নিচেই কাষত |

[প্ৰকাশ: ‘মন-সংযোগ’;  তাৰিখ: ৯ মাৰ্চ ২০১২]