নিবিড় সন্ধ্যা প্ৰকাশ কৰো মনৰ কথা,
শুনিবানে তুমি কিমান মোৰ ভালপোৱা
?
তোমাক দেখাৰ পৰা মোৰ মন উৰি ফুৰে,
দূৰ দিগন্তত উৰি ফুৰা পখীৰ দৰে
|
মন নবহে ক’তো, মাথো ৰচে সপোন,
তুমি চিৰ মোৰ বাবে অন্তৰৰ দাপোন
|
তোমাকেই বিচাৰো নয়ন যেনিয়ে যায়,
অলেখ ৰং বিচাৰি পালো তোমাক লগ পায়
|
[প্ৰকাশ: ‘আই’; আগষ্ট সংখ্যা ২০১৩]
No comments:
Post a Comment